এটি প্ৰেমৰ বাস্তব কাহানী ...Ati premor bastab kahani /a love story
এটি প্ৰেমৰ বাস্তব কাহানী ...
"কুলদীপ দাসে কৰিশ্মা নাথলৈ লিখা কিছু মনৰ আৱগেৰ কথা" ....
জানো আহক চোন এই মিঠা "প্ৰেমৰ বাস্তব কাহিনী" .....
*আজিও মনত পৰে সেই "মাধৱ চৌধুৰী মহাবিদ্যালয়'ত তোমাক প্ৰথম লগপোৱা। মই তেতিয়া ডিগ্রী দ্বিতীয়া বৰ্ষত আৰু তুমি তেতিয়া কলেজত প্রথম খোজ দিছিলা। এদিন হঠাত্ শ্ৰেণীকোঠাৰ খিৰিক্ ফাকেৰে চাওঁতে তোমালৈ চকু গল । তোমাৰ ধুনীয়া চেহেৰা বতাহত নাচি উঠা ক'লা দীঘল চুলি মুখত এটি মিচিকিয়া হাঁহি লৈ লগৰী কেইজনিৰ লগত কলেজৰ বাৰাণ্ডা দি খোজ কাঢ়ি গৈ থকা দেখিলো আৰু তেতিয়াই কিৱা এটা মনত জাগি ওঠিল । কিতাপৰ ভাষাৰ শব্দক পাহৰি প্ৰেমৰ শব্দ বিচাৰি মন মোৰ শ্ৰেণী কোঠা এৰি পখিলা ভোমোৰা হৈ উৰিৱ ধৰিল । পঢ়া টেবুলত কিতাপ মেলি পঢ়িৱ ললেই মনত তোমৰ কথা ভাহিৱৰ লল । বিছাত শুৱ ললেই দুচকু মুদিলেও বাৰে বাৰে তোমাৰ ধুনীয়া ছবি খন দুচকুত দুলা দিয়া হল । সেই য়ে প্ৰথম দেখা তোমাৰ ধুনীয়া মুখৰ মিচিকিয়া হাঁহি । মোক পগলা কৰি গ'ল। তোমাৰ লগত চিনাকী হোৱাৰ, কথা পতাৰ , লগ কৰাৰ মনত ইচ্ছা প্ৰৱল জাগ্ৰত হল ।
নাজনো কি হল মনত দেউ লগা মানুহৰ দৰে আচৰণ আৰু তোমাৰ কথাই মোক বৰকৈ আমনি কৰা হল ।
তোমাৰ লগত চিনাকি হৱৰ কাৰনে য়ে মই কিমান চেষ্টা কৰি দিন পাৰ কৰিলো কাকো বুজাৱ নুৱাৰু মাথো মই হে জানো । কলেজৰ কাল্লছ খতি কৰি কৰি তোমাক ফল কৰা ,আনক সুধি সুধি বিছাৰি বিছাৰি তোমাৰ ঘৰৰ পদুলি পোৱা । ঘৰত হেজাৰ বাহানা কৰি দেউতাৰ চাইকে লৈ পুৱা গূধুলি তোমাক দেখো নেকি বুলি !তোমাৰ ঘৰৰ কাষৰে প্ৰায় অহা যোৱা কৰা ।
আৰু এদিন আহি সেই ভাল দিনটো কলেজ বাৰ্ষিক সপ্তাহত শেষ দিনা বহু চেষ্টা আৰু মনত সাহস গোটাই হলো তোমাৰ লগত চিনাকি ! তাৰ পাছত কেইটামান দিন যোৱাৰ পাছত কলো মনৰ কথা খোলি তুমিও জনালা মোৰ কথাত সন্মতি । সচাঁকৈ তেতিয়া মোৰ এনে লাগিছিল যে মই পৃথিৱীৰ আটাইতকৈ সুখী আৰু ভাগ্যবান ব্যক্তিজন মইয়ে হয় । মোৰ চৌপাশে কেৱল ৰঙিন পৃথিৱী মনৰ বাগিচাত হেজাৰ হেজাৰ প্ৰেমৰ গোলাপ আছিল ফুলি ! যেন মই মৰতত নহয় স্বৰ্গতহে আছো। প্ৰতিখন কিতাপে কিতাপে ঘৰ বেৰত পঢ়া টেবুলত আৰু কত কত যে লিখা থৈছিলো তোমাৰ নাম নকৱা আৰু । খাওঁতে শুওতে আহোতে যাঁওতে মাথো মুখত মনত আহি থাকে তোমাৰেই নাম , উ্ফ! ভাবিলে কি যে কিমান ভাল লাগেও । আজিও মনত পৰে তোমাক ভাল পাব লৈছো বুলি কোৱা তাৰ পাছত যে দুয়ো ১০ টকা ২০ টকাৰ ৰিচাৰ্জ ভৰাই কথা পতা, সদায় ৰাতি ১০:৩০ টাত মিচকল দিয়া আৰু সেই মিচকল টো লৈ তুমি বাট চাই থকা। বহুত ভাল লগা সময় পাৰ হৈ আছিল । তেনেতে হঠাৎ তুমি এদিন নোহোৱা হৈ গ'লা আৰু মই ও বুজিবই নোৱাৰিলো কি হ'ল বুলি! ইমান ধুনীয়াকৈ চলি থকা প্ৰেমত কোনোৱাই বিহ ধালিল । তুমি আনে ৰচা মিছা চক্ৰত পৰি নিজৰ পথ পাহৰি আনে ৰচা ৰাস্তা ললা বাছি আৰু মোক নোকোৱাকৈযে গলা এৰি আৰু মইও পাগলৰ নিচিনা যি টি মানুহ কিছুমানক বিশ্বাস কৰি ভুলৰ বলি হৈ নিজৰ জীৱনটোকে খেলিমেলি কৰি পেলাইছিলো। মনত ভাবি লৈছিলো যে জীৱনটো এনেকৈয়ে শেষ কৰিম আৰু এই ভাবি এ যাকে যি পাও তাকে তোমাৰ বেয়া গুণ দিছিলো বসানি । এনেদৰে আতৰে আতৰে তুমি মোক মই তোমাক দুখ দি আছিলো বহু দিন অকলে আকলে পাৰ কৰি । কথাতে আছে নহয় জন্ম মৃত্যু বিৱাহ ওপৰ পৰাই আহে লিখি ! আৰু এটা কথা জানিলো যে সচাঁ প্ৰেম কেতিয়াও কোনেও নোৱাৰে ৰাখিৱ হেজাৰ বাধা দি । হেজাৰ ধুমুহা আহিলেও যাৱযেই সকলো নেওচি ।এদিন হঠাৎ যে আকৌ তোমাক লগ পাম মই ভাবিৱযেই পৰা নাছিলো আৰু এনেকৈ যে একদম জীৱন সংগী হিচাপে পাম সেইযা মই সপোনতো কল্পনা কৰা নাছিলো কাৰণ মই মোৰ নিজৰ ভাগ্য খনক নিজেই বিশ্বাষ কৰিবলৈ এৰি দিছিলো। তোমাক আকৌ লগ পোৱাৰ পাছত ও আৰু যে কিমান কি দুয়ো লগ হৈ যুজিছো তুমি আৰু মইহে জানো । তুমাৰ অপ্ৰাণ চেষ্টা, তুমাৰ মা, বা হতৰ সহাৰীৰ অবিহনে আমি কেতিয়াও আমি হ'ৱ নোৱাৰিলো হেতেন । সকলোকে অশেষ ধন্যবাদ। মোৰ জীৱনত অহা বাবে তোমাক কি বুলি ধন্যবাদ জনাও মই বুজি পোৱা নাই। আজীৱন তুমাৰ সুখ দুখ সকলোতে তোমাৰ সাহস হৈ থকাৰ প্ৰতিশ্ৰুতিৰে.....
........ইতি
তোমাৰ প্ৰীয়জন কুলদীপ দাস
কাহানি / কুলদীপ দাস'ৰ
সংলাপ :- বিনোদ দলৈ
Comments
Post a Comment