কবিতা /আমিয়েই কৰিছো স্বৰ্গক নৰক/Aamiyei karishu Sargak Narak/Assamese kobita /Assamese poems/
..... কবিতা ...
"আমিয়েই কৰিছো স্বৰ্গক নৰক"
আমিয়েই কৰিছো স্বৰ্গক নৰক
গছ-গছনি কাটি তহিলং কৰিছো
কৰিছো কাটি উদং পাহাৰ ...
চলাইছো অলেখ গাড়ি মটৰ
অযথা তেল জ্বলাই জ্বলাই
বিশুদ্ধ বায়ুক কৰিছো প্ৰদুষণ সঘনাই..।
সেয়েহে আজি যুগৰ মনুহক
মিতিৰৰ ঘৰত আলহী খাৱ যোৱাতকৈ
চিকিৎসালয়ত হে বেছি দিন
আহা যোৱা কৰা দেখা যায়..
কথাষাৰ সচাঁ নে মিছা এৱাৰ ভাবক
আমিয়েই কৰিছো স্বৰ্গক নৰক...॥
সঘনাই খৱৰত সদাই দেঁখা শুণা যায়
লঠঙা পাহাৰত খাদ্যৰ অভাৱত
পেতৰ ভোকত থাকিৱ নোৱাৰি
হাবি এৰি বণ্য হস্তি গাৱে গাৱে সোমায়
ঘৰ দুৱাৰ ভাগি পথাৰৰ পকা ধান খায়;
কথাষাৰ সচাঁ নে মিছা এৱাৰ ভাবক
আমিয়েই কৰিছো স্বৰ্গক নৰক...॥
খান্দিছো পাহাৰ পুতিছো নলা-নৰ্দমা
সাজিছো ডাঙৰ ডাঙৰ অট্টালিকা
আনক দেঁখাক দেখি ভাই
ৱোবতী নদীৰ পানীক দিশ দিছো সলাই
সেয়েহে এজাক বৰষুণতেই ঠাই ঠাই
সঘনাই বানপানী হোৱা দেখা য়াই ।
কথাষাৰ সচাঁ নে মিছা এৱাৰ বুজক
আমিয়েই কৰিছো স্বৰ্গক নৰক...॥
কৰ পৰা কেনেকৈ হ'ল
কি আছিল কি হৈগল
এৱাৰ ভাবি চাৱৰ কৰোৰে সময় নহল
ইজনে সিজনৰ গাতহে
দুঃখবোৰ যাপি দি গল ..
মহামাৰি ক'ৰোণা আহি গ'ল
বহুতকে শেষ কৰি গ'ল
কাণে নাকে ধৰিও বুজাই গ'ল
কিন্তু কৰো দেখোন চকু খোলাই নগল।
কথাষাৰ সচাঁ নে মিছা এৱাৰ ভাবক
আমিয়েই কৰিছো স্বৰ্গক নৰক...॥
আদিম যুগত আজু ক'কা আইতাহতে
শ শ মাইল বাট খোজ কাঢ়িযেই
আহা যোৱা কৰি দেহ ভালে ৰাখিগল
দেৰশ বছৰ আয়ু কাল জীৱন জীয়াই গ'ল ।
আজি যুগৰ মানৱে দুখোজৰ পথতো
গাড়ি মটৰ নহলে ক'তো নুজুৱাই হল
দেহৰ মঙহ চৰ্বি আৰু পেত বাঢ়িৱৰ ল'ল
বিপি চুগাৰ আৰু হৃদয় ৰোগৰ দৰে
নানা ৰোগ দিনে দিনে বাৰহি গ'ল
তিনি কুৰি বয়স নহওতে ইপুৰী এৰি সিপুৰীত গল
কথাষাৰ সচাঁ নে মিছা এৱাৰ ভাবি চাওঁক
আমিয়েই কৰিছো স্বৰ্গক নৰক...॥
মুখত হালধি হাতত জেতুকা
মুৰত মাহ ঘহিয়েই আদিমৰ
নৰ নাৰি ধুনীয়া হৈ ৰ'ল...
চাৰিকুৰি বয়সতো গাৰ বৰণ
চুলিৰ ৰং সলনি নহল.... ।
আজিৰ যুগৰ মানৱ জাতিয়ে আকৌ
সেইবোৰ এৰি কত যে কি কি
কেমিকেল দেহে মুখে ঘহিৱৰ ল'ল..
সেয়েহে কুৰি বছৰ বয়সৰ ডেকা গাভৰুকও
চাৰি কুৰি বয়সৰ বৃদ্ধ বৃদ্ধ যেন লগা হল।
কথাষাৰ সচাঁ নে মিছা এৱাৰ ভাবক
আমিয়েই কৰিছো স্বৰ্গক নৰক...॥
নাখায় শাক-পাচলি কচু ধেকীয়া
আৰু মানি মুনি ভেদাই লতা
কাৰণ এইবোৰ শাকয়ে ৱনৰিয়া...
লাগে শাক-পাছলি দেখাত ধুনীয়া
চাইজ ডাঙৰ আৰু ৰংচঙি্যা
ইউৰীয়া প্ৰতাছ দি দি তৈয়াৰ কৰা..।
আনিলে বজাৰত কোনোৱা
প্ৰকৃত কৃষকে শাক পাচিল
বেছিৱৰ সুদুৰ গাওঁৰ পৰা ...
নাচাওযে ঘুৰি তালৈ
নহয় যে দেখাত ডাঙৰ দীঘল
আৰু য়ে ধুনীয়া ....
নিজেই যিহেতু নকৰুয়েই খেতি য়ত
বুজিমনো শাক পাচলিৰ ভিতামিন থাকে কত ।
কথাষাৰ সচাঁ নে মিছা এৱাৰ ভাবক
আমিয়েই কৰিছো স্বৰ্গক নৰক...॥
......
... কবিতাটো সম্পুৰ্ণকৈ পঢ়িৱলৈ আৰু এনেধৰনৰ কবিতা পঢ়ি থাকিৱলৈ মোক কমেন্ট কৰক ....আৰু আপোনাৰ মতামতবোৰ প্ৰকাশ কৰক । ভুল ক্ৰুতিবোৰ জনাওঁক.......
ইতি আপোনালোকৰ মৰমৰ : বিনোদ দলৈ
কবিতাৰ লিখক : বিনোদ দলৈ ।
Comments
Post a Comment