Pore ne tumar monat/পৰেনে তুমাৰ মনত💓/Assamese kabita/ Assamese poem
"Pore Ne Tumar Monat"/Assamese kobita..
পৰে নে তুমাৰ মনত
অতিতৰে কথা ..
খিৰিকিৰ ফাকেৰে
জুমি জুমি মোকে চোৱা..।
হাফ পেদেল মাৰি মাৰি
পাইছিলো তুমাৰে পদূলি
তুমাৰে দেউতাৰ ৰঙা চকু দেখি
ভযে ভযে উভতিছিলো ঘৰলে বুলি....।
স্কুলিযা বাটতে
আমলখি পকি খৰা ..
ঘৰলৈ ওভতি আহোতে
বুতলি খোৱা..।
পৰে নে বাৰু তুমাৰ মনত
মৰম বাঢ়ে বুলি
আধা খাই তুমাক দি্যা ...।
পৰে নে বাৰু তুমাৰ মনত
একে লগে খেলা ধুলা কৰা
হাৰি গলে তুমি ঠেহ ধৰা ;
আইৰ হাছতিৰ পৰা
এক অনা পইচা চুৰ কৰি নি্যা
ৰতনৰ দোকানত গৈ
লজুন গুটি কিনি খোৱা ।
পৰে নে তুমাৰ মনত
ধিতিংঙ ককাৰ বাৰীত
আম জাম কঠাল চুৰ কৰি খোৱা
বুঢ়া ধিতিংঙ ককায়ে খেদি ফুৰা..।
আজি সেই দিনবোৰোও নাই তুমিও নাই
আছে মাথোন সেই অতিতৰ সোৱৰণি
ভাবিলে ভাল লগা এটি মিঠা অনুভূতি
খোজ পৰিলে সেই ঠাইত আকৌ
যাৱলৈ মন যাই শৈশবৰ সেই দিনবোৰলৈ ওভতি.....॥
কবিতাৰ লিখক :-বিনোদ দলৈ...
Comments
Post a Comment