বুজাৱ নোৱাৰা বেদনা/Bujabo Nuwara Bedona/Assamese kobita /Assamese sad poem/
Assamese poem:-Bujabo Nuwara Bedona
প্ৰসৰ ৰ'দৰ তাপত শুকাই আছো মই
নিজৰ চায়াতো নিজতে
শেষ হোৱা দেখিছো মই.
যেন ভৰ দুপিয়াত থিয় দি আছো মই
ৰুটি বনোৱা টাৱা খনৰ দৰে
প্ৰচণ্ড গৰমত তপতিছো মই।
গছৰ চাঁ বোৰেও শিতলাব পৰা নাই
মোৰ এই বেদনাযে ভৰা উত্তপ্ত দেহাক
অলপওঁ দেখোঁন লগা নাই মোৰ গাত
হেজাৰ হেজাৰ বেগেৰে ব'লা শিতল ধুমুহা জাক ।
দিন পাৰ হল যুগ পাৰ হল
বহু সলনি হল, গছ বনও ডাঙৰ হল
মাথো নহল সলনি লিখা মোৰ
এই কপালৰ লিখনি কন.....।
গান গোৱা গায়ক জনৰ সকলো্যে চিনিলে
লিখা জনক আকৌ বহু কম জনে হে জানিলে
হাঁহি থকা মুখনিক সকলোযে দেখিলে
অন্তৰৰ বেদনাক কুনেও নুবুজিলে
সহাৰি পোৱা কিছুজনে গুণ বসানিলে
স্বাৰ্থপৰ বোৰে আকৌ নামকেই পাহৰিলে ।
আনৰ অভাৱত মিতিৰালি চাপিব
অনেক তুমাৰ কাষত
অভাৱৰ সমাধি ঘতাৰ পাছত
ফৰিং ফুটুকা দি চিটিকিৱ সিহঁত বহু দুৰত...।
তুমাৰ সমস্যাত দেখা জনেওঁ নেদেখা হব
বংশ কুতুম আপোন জনেও উভতাই বৈঠা মাৰিব
সুখৰ প্ৰীতি-ভোজ খাৱলৈ কাউৰীও আহিব
কবিতাৰ লিখক :বিনোদ দলৈ
Comments
Post a Comment