সমস্যা (অসমীয়া কবিতা )/Samaysha/Assamese poem/Assamese kobitabur
কবিতা নাম :
সমস্যা "
জীৱনেনো মোক কি দি যাই
জীৱনেনো মোক কি কি শিকাই ।
আঘাতে আহি বাৰে বাৰে বুকুত ভুমুকিয়াই
বহুদিন হল হাঁহো বুলি হাঁহিৱ পৰা নাই,
সমস্যাৰ বুজাই আহি
মুখনিত ঠেকেছি থৈ যাই...॥
যাই যাই যাই কতেনো হেৰাই যাই
অ যাই যাই বুলো কতেনো হেৰাই যাই
গাৰ ৰং থাকিলেও মনৰ ৰং কৰৱাত
হেৰাই গুছি যাই......॥
ল'ৰালিতে যুদ্ধ কৰিছিলো
শিক্ষা বিছাৰি....
যৌবনতে যুদ্ধ কৰিলো
প্ৰেম বিছাৰি...।
জীৱনৰ তিনি কাল পাৰ কৰিলো
পোৱা নোপোৱাকে গনি গনি ॥
এতিযা বৃদ্ধ কালতে আহি
সংসাৰ মায়া জালতে পৰি ।
বিছাৰি ফুৰিছো এমুঠি শান্তিৰ জোনাকি
যাই যাই যাই কতেনো হেৰাই যাই ।
অ বুলো যাই যাই যাই কতেনো হেৰাই যাই
সকলো থাকিলেও শেষত মনৰ ৰং নেপাও ঘোৰাই....॥
জীৱনৰে মেলা সংসাৰৰে খেলা
এখন শেষ নহওতে আন এখনে দিযে দেখা।
সমস্যা হৈছে বাৰিষা কালত চুতালৰ আগত
গজা ঘা বনৰ নিচিনা ॥
এফালে উঘালি শেষ নহওঁতে
আন ফালে গজালিযে মেলে পখা ...।
অ বুলো যাই যাই যাই গোটেই
জীৱনতোয়ে গুছি যাই
তথাপিও সমস্যাৰ সমাধান কৰি
কেতিয়াও শেষ কৰিৱ পাৰা নাযাই....॥
( জীৱনও শেষ সমস্যা শেষ
জীৱন থাকে মানে সমস্যা থাকিৱযেই
গতিকে সংগ্ৰাম কৰক হাঁহিৱ শিকক
যিমান খিনি আছে যি আছে তাকেই লৈ
সুখী হৈ থাকিৱলৈ চেষ্টা কৰক....)
...........ধন্যৱাদ..........
লিখক : বিনোদ দলৈ
ঠিকনা: টোপাতলি, কামৰূপ,অসম
Comments
Post a Comment