Bahagi kapouful pah/বহাগী কপৌফুল পাহ💐/Assamese poem/New Assamese babita.
কিয় তুমি ইমান মৰম লগা ?
তোমাক দেখি মোৰ মনতো
উৎফুলিত হৈ উথে জানা ,
যাক মই কাকোকেই প্ৰকাশ কৰিব নোৱাৰা
এটি বহু ডাঙৰ বেথা....।
পচুৱা বতাহ জাকে আহি
গছ-বননিৰ পোৰণি বস্ত্ৰক পেলালে খুলি
বসন্তৰ ৰঙিলি বহাগি জনিয়ে আহি
নগ্ন বিৰিষক সেউজী পোছাক পিন্ধাই
কৰিলে প্ৰাকৃতিক শুৱনি।
ডালৰ ফেৰেঙণিত ফুলা
কৌপৌ ফুল পাহ দেখি
"বহাগ"বহাগ লাগি যাই মন বননি
ঘুনুক-ঘানাকৈ চৌপাশে শুনো
ধেপাঁহ ঢোলৰ শব্দৰ গুম গুমনি..।
বহাগি তুমি অহাৰ পাই বাতৰি
অশুষিয়া দেহাৰু সুস্হ হোৱাৰ
জাগ্ৰত হয অনুভূতি .,
তুমি আহিছা বুলিযেই
কুলি চৰাই জনিযেও
চিঞৰি চিঞৰি শুৱলা গীত গায়,
বৰদৈচিলা হৈ মলয়া বতাহ জাকে
চৌপাশে তোমাৰ সুবাস চতিয়াই ॥
Comments
Post a Comment