Posts

Showing posts from February, 2024

কবিতা । ছোৱালীৰ মন/ poem / Suwalir mon/ Assamese kobita

  Assamese kobitabur /Name : "Suwalir Mon" কবিতা: "ছোৱালীৰ মন " হেৰা ভন্তি !  এপাচি শাকত এচামুচ লুনৰ কোনো কাম নাই এহেজাৰ জনৰ লগত প্ৰেম কৰিলে  সেই প্ৰেমৰো কোনো মুল্যয় নাই .. তহঁত ছোৱালী বোৰ যেন পলু পুকাৰহে জাত  এজোপা গছৰ পাত খাই  আন এজোপা গছত লাহে কৈ যোৱা বগোৱাই .. তহঁত ছোৱালীবোৰে লৈছা ভাবি  নিজকেই লাগাম নোহুৱা ঘুৰা বুলি ... তহঁতক লগাবলে নাকত নাকি যোৱা নাই আমাৰ দৰে ডেকাবোৰ মৰি  এ মইনা ! তহঁত যদি পাতে পাৰে  আমিওঁ ডালে ডালে.... এৰি দি্যা জাতৰ নহয়...  আমিও কাকো ইমান সহজতে ...... হোটেল'ত  গৈ কিমানযে  চাওঁমিন ম'মহ খালি , বাইকৰ পিছত উঠি .. কিমান যে প্ৰেট্ৰল জ্বলালি  ৰাতি ৰাতি ফো'ন-কল কৰি  বহু টুপনি খতি কৰালি চপিংঙ মলত গৈ চপিংঙ কৰি কৰি  কিমান জনৰ পকেট খালী কৰিলি । ভাল ল'ৰা চাকৰি কৰা টকা পইচা থকা পালে চহকী ঘৰৰ ধনী ডৰা, বহু দিনিয়া প্ৰেমিক আহি কবা exquse me দাদা ... নোৱাৰু পেলাব মা-দেউতাৰ কথা.. চাইছে কোনোবা দুৰনিৰ ডৰা। poem written by :Binod Doloi

Premor Bikhad /Assamese poem/প্ৰেমৰ বিষাদ💔/অসমীয়া কবিতা /Assamese kabita /Assamese love peom

Image
Assamese kobita/"Premor Bikhad" "প্ৰেমৰ বিষাদ" ।অসমীয়া প্ৰেমৰ কবিতা প্ৰতি পলে মনত পৰে  কথা তোমাৰে দু চকু সেমেকে হৃিদয়ে কান্দে  অতীতৰ স্মৃতি  মনত পৰি বাৰে বাৰে । অতী'ত আছিলা তুমি   অতিকৈ মৰমৰ মোৰ হৃিদয়ৰে আজি কিয় বিষাদ হ'লা  মোৰ এই নিথৰুৱা জীৱনৰে...। তোমাৰ ভাবনাত বৈ যায় নদী দুচকুৰে কলিজাত জ্বলে বিষাক্ত জুই বিশ্বাসঘাটকতাৰ কপট-চলনাৰে মুক্ত আকাশত উৰি ফুৰা পক্ষীক মিছা চেনেহৰ সজাত কিয় বান্ধিছিলা  যদি যাবলৈয়ে মন আছিল মোক এৰি   আপোন হুৱাৰ ভাওনা কিয ধৰিছিলা ॥ আজি অগনন জন-গনৰ মাজত  কিয় মোক কৰিলা অকলশৰীয়া তোমাৰ বিনে মোৰ এই ৰঙিন পৃথিৱী খন ক'লা ক'লা উদং উদং শূন্যতা। দিশ বিছাৰি দিশহাৰ হৈছো মই স্থি ৰতাই ৰাখিছে মোক ধৰি  তোমাৰ এলাগি কথাই নিদিয়ে  পাহৰি আগলৈ কৰিব জীৱনক গতি । ৰ'দৰ পোহৰতো এন্ধাৰ এন্ধাৰ লাগে মোৰ  ৰামধেনু ধুনীয়া ৰংবোৰ ও ভাল নালাগে মোৰ.. মাথো লাগে ভাল নিৰৱ নিজান একাষৰীয়া ঠাই আৰু লাগে ভাল ঘোৰ এন্ধাৰে  আবৰা ক'লা আকাশলৈ চাই। তুমি আছিলা জীৱনও আছিলা মোৰ  তুমি আজি মোৰ কাষত নাই জীৱনৰ অৰ্থ নাই  সপোন নাই আশ...

Bahagi kapouful pah/বহাগী কপৌফুল পাহ💐/Assamese poem/New Assamese babita.

* Assamese kobita / Bohagi kapouful pah" অ বহাগী কপৌফুল পাহ, কিয় তুমি ইমান মৰম লগা ? তোমাক দেখি মোৰ মনতো  উৎফুলিত হৈ উথে জানা ,  যাক মই কাকোকেই প্ৰকাশ কৰিব নোৱাৰা এটি বহু ডাঙৰ বেথা....। পচুৱা বতাহ জাকে আহি  গছ-বননিৰ পোৰণি বস্ত্ৰক পেলালে খুলি  বসন্তৰ ৰঙিলি বহাগি জনিয়ে আহি  নগ্ন বিৰিষক সেউজী পোছাক পিন্ধাই  কৰিলে প্ৰাকৃতিক শুৱনি। ডালৰ ফেৰেঙণিত ফুলা  কৌপৌ ফুল পাহ দেখি "বহাগ"বহাগ লাগি যাই মন বননি  ঘুনুক-ঘানাকৈ চৌপাশে শুনো ধেপাঁহ ঢোলৰ শব্দৰ গুম গুমনি..। বহাগি তুমি অহাৰ পাই বাতৰি অশুষিয়া দেহাৰু সুস্হ হোৱাৰ  জাগ্ৰত হয অনুভূতি ., তুমি আহিছা বুলিযেই  কুলি চৰাই জনিযেও  চিঞৰি চিঞৰি শুৱলা গীত গায়, বৰদৈচিলা হৈ মলয়া বতাহ জাকে চৌপাশে তোমাৰ সুবাস চতিয়াই ॥ কবিতাৰ লিখক :- নিজৰা  

Pore ne tumar monat/পৰেনে তুমাৰ মনত💓/Assamese kabita/ Assamese poem

Image
  "Pore Ne Tumar Monat"/Assamese kobita.. পৰে নে তুমাৰ মনত  অতিতৰে কথা .. খিৰিকিৰ ফাকেৰে  জুমি জুমি মোকে চোৱা..। হাফ পেদেল মাৰি মাৰি   পাইছিলো তুমাৰে পদূলি  তুমাৰে দেউতাৰ ৰঙা চকু দেখি ভযে ভযে উভতিছিলো ঘৰলে বুলি....। স্কুলিযা বাটতে   আমলখি পকি খৰা .. ঘৰলৈ ওভতি আহোতে   বুতলি খোৱা..। পৰে নে বাৰু তুমাৰ মনত মৰম বাঢ়ে বুলি  আধা খাই তুমাক দি্যা ...। পৰে নে বাৰু তুমাৰ মনত একে লগে খেলা ধুলা কৰা  হাৰি গলে তুমি ঠেহ ধৰা ; আইৰ হাছতিৰ পৰা  এক অনা পইচা চুৰ কৰি নি্যা  ৰতনৰ দোকানত গৈ  লজুন গুটি কিনি খোৱা । পৰে নে তুমাৰ মনত  ধিতিংঙ ককাৰ বাৰীত  আম জাম কঠাল চুৰ কৰি খোৱা  বুঢ়া ধিতিংঙ ককায়ে খেদি ফুৰা..। আজি সেই দিনবোৰোও নাই তুমিও নাই  আছে মাথোন সেই অতিতৰ সোৱৰণি ভাবিলে ভাল লগা এটি মিঠা অনুভূতি  খোজ পৰিলে সেই ঠাইত আকৌ যাৱলৈ মন যাই শৈশবৰ সেই দিনবোৰলৈ ওভতি.....॥ কবিতাৰ লিখক :- বিনোদ দলৈ... কামৰূপ (ম)অসম      

ATI MITHA HAHI/এটি মিঠা হাঁহি /Assamese Poetry/Assamese kobita/Akhomiya kobita

Image
  "Ati Mitha Hahi"/Assamese poem শীতৰে সেমেকা ৰাতি  প্ৰভাততে শুই উঠি দুটি চকু মুহাৰি মেলি সিৰিকি ফাকেৰে চাই দেখিলো তুমাৰ এটি মিঠা হাঁহি ..। মন মুগ্ধ কৰা তুমাৰ মিচিকি হাঁহি দেখি প্ৰচণ্ড জাৰ গল বহু দুৰ দুৰন্তত আতৰি দেখি তুমাৰ এটি মি্ঠা হাঁহি .....। চৌপাশ  হল ৰঙিন ৰঙিন বাজি উঠিল সুমধুৰ গান নাচি উঠিল দেহ মন প্ৰাণ  দেখি তুমাৰে এটি মিঠা হাঁহি ..। এলাহৰ মামৰে আৱৰি থকা দেহটিত  যেন আহিল ওভতি ঐশ্বৰিক শক্তি  বাৰহিলে মনোবল কৰিৱলে দৈনিক জীৱনলে গাতি দেখি তুমাৰে এটি মিঠা হাঁহি ...। কবিতাৰ লিখক :- বিনোদ দলৈ

বুজাৱ নোৱাৰা বেদনা/Bujabo Nuwara Bedona/Assamese kobita /Assamese sad poem/

Image
Assamese poem:-Bujabo Nuwara Bedona 

"গছ বোৰ দেখিলে"/Gashbur dekhile/Assamese kobita/Assamese poem/

Image
   Assamese kobita/Assamese poem Name :Gash Bur Dekhile কবিতা নাম:-"গছ বোৰ দেখিলে" যেতিয়া মই গছ বোৰক দেখোঁ  এনে লাগে মোৰ আপোন প্ৰিয় জন  মৰমৰ বন্ধু-বান্ধৱী গন  হাঁহি হাঁহি মোক মাতি আছে ; যেতিয়া মই সেউজ ডাল পাতে ভৰা  গছ বোৰক দেখোঁ , তেতিয়া মোৰ এনে লাগে যেন মায়ে মোক কোলাত বহুৱাই মুৰত হাত বুলাই মৰম কৰি আছে । যেতিয়া মই ডাল ভৰি ভৰি ফল লাগি থকা গছবোৰক দেখোঁ , তেতিযা মোৰ এনে লাগে যেন মোৰ দেউতাযে মোলৈ হেজাৰ কষ্ট কৰি কপালৰ ঘাম মাটিত পেলাই নিজৰ আশা আকাংঙ্খাক  জ্বলাই চাৰা শাৰ কৰি মাথো মোৰ বাবে  মৰমৰ হাতেৰে অন্ন লৈ আনিছে...। যেতিয়া মই ভিন্ন ৰঙৰে ফুলে ভৰি থকা   গছ জোপালৈ চাওঁ তেতিয়া মোৰ হিৃদয়ত হেৰাই যাৱ ধৰা  দুৰ্বল,ভাগৰুৱা অলেখ প্ৰেমৰ ভাৱনা জাগ্ৰত  হোৱা নিজেই নিজৰ বুকুত শব্দ শুণো....॥ আকৌ মই যেতিয়া লেৰেলি শুকাই মৰহি অৰ্ধ প্ৰাণ হেৰুৱাই শুকান ডাল লৈ থিয় হৈ  বহু আশা মনত সোপি লৈ ৰৈ থকা  গছ জোপালৈ চাওঁ , তেতিয়া মোৰ এনে লাগে থৰক ৱৰক কৰি  হাতত এটি লাখুটি লৈ ককাল হালি পৰা  ছাল সুতুৰা পৰি যোৱা চাৰিকুৰি বয়স পাৰ কৰা  অসহায় আইতা...